বুধবাৰেও অব্যাহত আছে ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধ। ৰাছিয়াই ইউক্ৰেইনৰ এখনৰ পিছত সিখন চহৰত ধ্বংসলীলা অব্যাহত ৰখাৰ মাজতে বুধবাৰে দাবী কৰিছে যে ইউক্ৰেইনৰ খেৰচন চহৰখন দখল কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইগৰ কোনাশেনকভে এই সন্দৰ্ভত কয় যে, সশস্ত্ৰ বাহিনীৰ ৰাছিয়াৰ বিভাগসমূহে খেৰছনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ অধিনলৈ আনিছে।
বুধবাৰে ৰাছিয়ান সেনাই খাৰকিভ সামৰিক একাডেমীকো লক্ষ্য কৰি লৈছে আৰু এই একাডেমীখনত ৰকেট নিক্ষেপ কৰিছে। ইয়াৰোপৰি ৰাছিয়াৰ সেনাই কেইবাটাও আৱাসিক এলেকা আক্ৰমণ কৰিছে। একে সময়তে, ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলৰ বাবে ভাৰত চৰকাৰে নিয়ন্ত্ৰণ কক্ষ সক্ৰিয় কৰিছে। এই নিয়ন্ত্ৰণ কক্ষবোৰ পোলেণ্ড, ৰোমানিয়া, হাংগেৰী আৰু স্লোভাক গণৰাজ্যত স্থাপন কৰা হৈছে।
উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বিগত ৬ টা দিন ধৰি যুদ্ধ চলি আছে আৰু বুধবাৰে সপ্তমটো দিনত এই যুদ্ধই ভৰি দিছে। ইয়াৰ মাজতে সোমবাৰে এই যুদ্ধৰ সমাপ্তিৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা হৈছিল যদিও এই আলোচনা বিফল হৈছিল। ইয়াৰ পিছতে ৰাছিয়া অধিক আক্ৰমণাত্মক হৈ পৰিছে।
ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ খাৰকিভ চহৰৰ স্থানীয় চৰকাৰৰ মুখ্য কাৰ্যালয়ত এক বৃহৎ আক্ৰমণ চলাইছে। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হৈছে। তদুপৰি, ৰাজধানী কিয়েভৰ মুখ্য দূৰদৰ্শন টাৱাৰত ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইকত ৫ জন লোক নিহত হয়।