মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট প্ৰতি মুহুৰ্ততে সলনি হৈছে। ইয়াৰ মাজতে খবৰ আহিছে যে শিৱসেনাৰ বিধায়ক নিতিন দেশমুখ গুজৰাটৰ পৰা উভতি গৈছে মহাৰাষ্ট্ৰলৈ। নিতিন দেশমুখে অভিযোগ উত্থাপন কৰি কয় যে, তেওঁক অপহৰণ কৰা হৈছিল। অপহৰণ কৰি তেওঁক গুজৰাটৰ চুৰাটলৈ লৈ যোৱা হৈছিল আৰু তেওঁ কিবাপ্ৰকাৰেহে পলাই আহিবলৈ সক্ষম হৈছে। তেওঁৰ সমৰ্থন এতিয়াও উদ্ধৱ থাকৰেৰ প্ৰতিয়েই আছে।
তেওঁ কয় যে মই “মই পলাই আহিছিলো আৰু পুৱা প্ৰায় ৩ বজাত ৰাস্তাত থিয় হৈ যাত্ৰা কৰিবলৈ চেষ্টা কৰি আছিলো। তেতিয়া এশৰো অধিক আৰক্ষী আহি মোক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায়। তেওঁলোকে মোৰ হাৰ্ট এটেক অহাৰ দৰে নাটক কৰিছিল”। লগতে কয় যে তেওঁ নিশ্চিত ৰূপত উদ্ধৱ থাকৰেৰ লগত আছে। উল্লেখ্য যে, দেশমুখৰ পত্নীয়ে মঙলবাৰে তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল।
প্ৰতিমূহুৰ্ততে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। ইতিমধ্যে প্ৰায় ৪০ গৰাকী বিধায়ক গুৱাহাটীত বাহৰ পাতিছে লগতে আন ৪ গৰাকী বিধায়ক আহি পাবহি সন্ধিয়া প্ৰায় ৫ বজাত। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিত হ’ব বিসম্বাদী মন্ত্ৰী বিধায়ক সকলৰ সৈতে।