• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আইন ভঙ্গকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত শীঘ্ৰেই “অভিযান কুৰুক্ষেত্ৰ”

নিউজ ডেস্ক by নিউজ ডেস্ক
December 20, 2022
in ৰাজনীতি, গুৱাহাটী
1 min read
0
আইন ভঙ্গকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত শীঘ্ৰেই “অভিযান কুৰুক্ষেত্ৰ”
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজপথত প্ৰতিগৰাকী যাত্ৰীকে সুৰক্ষিত যাতায়ত ব্যৱস্থা প্ৰদানৰ বাবে পৰিবহণ বিভাগক দিয়া নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা দায়িত্ববাহী পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ নেতৃত্বত, জিলা এনফৰ্চমেন্ট পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ উপস্থিতিত, শেহতীয়াকৈ নিযুক্ত পাঁচগৰাকী পৰিবহণ বিষয়াৰ উপৰি বৃহৎসংখ্যক এনফৰ্চমেন্ট বিষয়া, যান-বাহন পৰিদৰ্শক, আৰক্ষীৰ সহযোগত সোমবাৰে মহানগৰীৰ এবিচিৰ জিএছ ৰোড অঞ্চলত এক ব্যাপক জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে আগন্তুক দিনবিলাকত ৰাজ্যৰ ৰাজপথত সৰ্বস্তৰৰ ৰাইজৰ সহযোগত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ বাবে পথ-সুৰক্ষা তথা যান-বাহন চালনাৰ নীতিনিয়ম সমূহৰ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন কৰাৰ উপৰি যান-বাহন আইন ভঙ্গকাৰীক কঠোৰ সকীয়নি প্ৰদানৰ লক্ষ্যৰে এই ব্যাপক জনসচেতনতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইফালে ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ হ’লে যান-বাহনৰ যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰখাৰ লগতে সময়মতে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এয়া সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য৷ সেয়ে সোমবাৰে জনসচেতনতা কাৰ্যসূচীত পথ-সুৰক্ষাৰ বিভিন্ন দিশ দাঙি ধৰাৰ লগতে গুৱাহাটী মহানগৰীত ব্যক্তিগত, ব্যৱসায়ীক আৰু বিভিন্ন উদ্যোগখণ্ডই ১৮০ কোটিতকৈয়ো অধিক টকাৰ যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰিবলৈ থকাৰ তথ্য সদৰি কৰি এই সকলো শ্ৰেণীৰ যান-বাহনৰ গৰাকীক অহা ৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি বাহনসমূহ বৈধ কৰি ৰাখিবলৈ সকিয়াই দিয়া হয়৷ অন্যথা যানবাহন আইন ভঙ্গকাৰী মালিক-কতৃপক্ষৰ বিৰুদ্ধে শীঘ্ৰে “কুৰুক্ষেত্ৰ” নামাকৰনেৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে। যানবাহন ক্ৰয় কৰিও সময়মতে কৰ-কাটল পৰিশোধ আৰু নথিপত্ৰ নৱীকৰণ নকৰাকৈ ৰাজপথত অন্যায়ভাৱে চলাচল কৰি থকা বাহন আৰু প্ৰতিমুহূৰ্ততে ৰাজপথৰ যাত্ৰী, যানবাহনৰ গৰাকীক ন্যায় প্ৰদানৰ বাবে প্ৰস্তুত হৈ থকা পৰিবহণ বিভাগৰ মাজত অভিযান কুৰুক্ষেত্ৰত ন্যায়-অন্যায়ৰ যুজ হ’ব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সকীয়াই দিয়ে ৷ নৱনিযুক্ত পৰিবহণ বিষয়া লীয়েন হাজৰিকা, অপূৰ্ব তালুকদাৰ, হীৰকজ্যোতি ডেকা, পূৰৱী কলিতা আৰু ৰূপমিলি টেৰাংপিৰ উপস্থিতিত অনুষ্ঠিত জনসচেতনতা অনুষ্ঠানটিত আগন্তুক বৰদিন, ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ উদযাপনৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে অত্যাধিক ৰাগীয়াল দ্ৰব্য সেৱন কৰি যান-বাহন নচলাই, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান, নিয়ন্ত্ৰিত গতীতহে যানবাহন চলোৱা, যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা আদি সন্দৰ্ভত লবলগীয়া সাৱধানতাৰ উপৰি এই শীতকালত চৌদিশ কুৱলীয়ে আবৃত হৈ থকা অৱস্থাত গাড়ী চালনাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নীতি নিয়ম সন্দৰ্ভত বিশদ আলোচনা কৰি এইক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান কৰা হয়। ইফালে জনসচেতনতা অনুষ্ঠানটিত “নেডফিমচ”ৰ উদ্যোগত পথসুৰক্ষা বিষয়ক এখন বাটৰ নাটো পৰিবেশন কৰা হয়।

Previous Post

অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন!

Next Post

ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8