বিহাৰৰ বহু বিতৰ্কিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় আজি চি বি আইৰ বিশেষ আদালতে প্ৰদান কৰিব। দেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা বিহাৰৰ এই বহু কোটিটকায়ী পশুখাদ্য কেলেংকাৰীৰ চাৰিটা গোচৰত ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ কাৰাগাৰলৈ যাবলগীয়া হৈছে। বৰ্তমান তেওঁ জামিনত কাৰাগাৰৰ পৰা বাহিৰলৈ আহিছে।
উল্লেখ্যে যে, বহুচৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰত মুঠ ৯৯ জন অভিযুক্ত আছে। এই কেলেংকাৰীৰ ইতিমধ্যে চাৰিটা গোচৰৰ ৰায় প্ৰদান কৰিছে যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ গোচৰটোৰ ৰায় আজি ঘোষণা কৰিব।
দোৰাণ্ডা কোষাগাৰৰ পৰা অবৈধভাৱে ১৩৯.৩৫ কোটি টকা মুকলি কৰি লৈ যোৱাৰ অভিযোগ আছে লালু প্ৰসাদ যাদৱৰ লগতে আন ৯৯ জন লোকৰ বিৰুদ্ধে। পশুখাদ্য কেলেংকাৰীৰ এই গোটেই প্ৰক্ৰিয়াটোত চি বি আইয়ে মুঠ ৫ টা গোচৰ ৰুজু কৰিছিল।