২০২০ বৰ্ষৰ এ পি এছ চিৰ মূল পৰীক্ষাত বাধ্যতামূলক নহয় ভাষাৰ কাকত। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়ত এক ৰায়দান প্ৰদান কৰি বাধ্যতামূলক ভাষা কাকত অবিহনে পৰীক্ষা পতাৰ নিৰ্দেশনা প্ৰদান কৰিছে। ৰায়দানটোত কোৱা হৈছে যে, লেখ আবেদনৰ সমাপ্তি নোহোৱালৈকে নিযুক্তি প্ৰদান কৰিব নোৱাৰিব। উল্লেখ্য যে বিগত বৰ্ষৰ ২৬ নৱেম্বৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ এক কেবিনেট বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কেবিনেটত লোৱা সিদ্ধান্তৰ বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে ৰাজ্য চৰকাৰে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ কাকতখনত ৩০০ নম্বৰ আছিল। এই ৩০০ নম্বৰৰ পৰীক্ষাৰ কাকতখনত উত্তীৰ্ণ নহ’লে সম্পূৰ্ণ পৰীক্ষাটোৱেই বিফল হৈছিল।