মহানগৰীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালত আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। প্ৰাথমিক শাখাৰ ১৪৯ খন শিক্ষাখণ্ডলৈ অসম চৰকাৰৰ ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰা হৈছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ পেগুৱে কয় যে চৰকাৰ আৰু প্ৰাদেশিক বিদ্যালয়ত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া শিক্ষা নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ এএছটিপিপিচিৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে যিয়ে এই পাঠ্যপুথিসমূহ সময়মতে প্ৰকাশ কৰা আৰু সকলো জিলালৈ সুকলমে বিতৰণ নিশ্চিত কৰিছিল।
মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত বিভিন্ন জিলালৈ এই বিনামূলীয়া পাঠ্যপুথিসমূহ কঢ়িয়াই নিয়া কেইবাখনো বাহনৰ সমাৰোহৰ পতাকা প্ৰদৰ্শন কৰে। লক্ষণীয় যে অসমৰ ৩৪ খন জিলা আৰু ১৪৯ টা শিক্ষা খণ্ডত ৯ টা মাধ্যম আৰু ১৯ টা ভাষাত মুঠতে ৩,২২,৫৮,৫৬৪ খনপাঠ্য পুথিৰ প্ৰতিলিপি বিতৰণ কৰা হ’ব আৰু ই প্ৰায় ৬২ লাখ শিক্ষাৰ্থীক লাভান্বিত কৰিব।
স্মৰ্তব্য যে, বিগত দুবছৰ ধৰি ক’ভিডসৃষ্ট পৰিৱেশ-পৰিস্থিতিয়ে শিক্ষা ব্যৱস্থাক যথেষ্ট প্ৰভাৱিত কৰা দেখা যায়। এনে পৰিস্থিতিত ৫ বছৰ বয়সৰ পৰা বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীলৈকে অনলাইনৰ জৰিয়তে শিক্ষা অব্যাহত ৰাখিলেও লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ শংকিত হৈ পৰিছে অভিভাৱকসকল। এতিয়া নতুন চৰকাৰৰ নীতিয়ে বিশ্বাস আৰু শেষ ভৰষা হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীৰ জীৱন আৰু শিক্ষাৰ মানৰ প্ৰতি চৰকাৰে এইক্ষেত্ৰত নিশ্চয় এক ভাল তথা সঠিক চিন্তা কৰিব বুলি আশা কৰা হৈছে।
২০২২-২৩ শিক্ষাবৰ্ষৰ পহিলা দিনতে ছাত্র-ছাত্ৰীৰ হাতত তুলি দিয়া হ’ব এই পাঠ্যপুথিসমূহ। পাঠ্যপুথি বিতৰণ কার্যসূচীত উপস্থিত থাকি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ফ্লেগ অফ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা ৰাজ্যৰ ৩৪ খন জিলালৈ ৰাওনা হৈছে পাঠ্যপুথিভৰ্তি ট্ৰাকসমূহ। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তকে ধৰি শিক্ষা বিভাগৰ বহু কেইগৰাকী জেষ্ঠ্য বিষয়া অনুষ্ঠানটিত উপস্থিত আছিল।