ৰাজ্যসভাৰ দুই আসনক লৈ অসমৰ ৰাজনৈতিক পৰিৱেশ বৰ্তমান গৰম হৈ পৰিছে। ৪৩ গৰাকী বিধায়কসহ সোমবাৰে দিনৰ ১১ বজাত মনোনোয়ন পত্ৰ দাখিল কৰিবলৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা সাজু হোৱাৰ সময়তে কংগ্ৰেছ বিধায়ক শশীকান্তৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ বিষয়টো চৰ্চিত হৈ পৰিছে। দেওবাৰে কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ বিধায়িনী দলৰ বৈঠকৰ পিছত ৰাইজৰ দলৰ মুৰব্বীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাক।
“মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিছে, মই গৰিহনা দিছোঁ”- এইদৰে কয় অখিল গগৈয়ে। তেওঁ লগতে বিৰোধী বিধায়কৰ ভোট ল’বলৈ মুখ্যমন্ত্ৰীক অপচেষ্টা নকৰিবলৈ সকীয়াই দিয়ে। লগতে তেওঁ কয়- “আগতে ৰাজ্যসভাত হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে।”
উল্লেখ্য, ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত পুংখানুপুংখভাৱে আলোচনা হয় দেওবাৰৰ সন্ধিয়াৰ এখন বৈঠকত। একেখন বৈঠকতে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন বিশেষ উমৈহতীয়া কমিটি গঠন হয়। শশীকান্ত দাস সম্পৰ্কত আইনগত ব্যৱস্থা কি ল’ব এই কমিটীয়ে নিৰ্ধাৰণ কৰিব। কমিটীখনত সদস্য হিচাপে আছে ৰকিবুলৰ হুছেইন, অখিল গগৈ, হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলাম।