আজি অৰ্থাৎ ২ এপ্ৰিলত অনুষ্ঠিত হৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই কয়-
নবাৰ্ডৰ পৰা ১৭০ কোটি ১৫ লাখ টকা ঋণ লোৱাৰ সিদ্ধান্ত।
তিনিখন গ্রাম্য দলং আৰু পথ নিৰ্মাণৰ বাবে লোৱা হ’ব এই ঋণ।
শৰণীয়া কছাৰীসকলে শৰণীয়া কছাৰী হিচাপেই জাতিগত প্রমাণ পত্র লাভ কৰিব।
আগতে কেৱল কছাৰী বুলি প্রমাণ পত্র লাভ কৰিছিল।
ভূগৰ্ভৰ পানীক লৈও কঠোৰ হ’ব চৰকাৰ।
পানীৰ ক্ষেত্ৰত গাওঁ আৰু চহৰত পৃঠক হ’ব নিয়ম।
পৌৰ এলেকাত ডেৰ কঠাৰ বেছি মাটি থাকিলে EWS হিচাপে ধৰা নহ’ব।
বিহুৰ পিছৰ পৰা আৰম্ভ হ’ব পাঠদান।
এতিয়াৰে পৰা জাতিগত প্রমাণ পত্র সহজলভ্য হ’ব।
পিতৃ-মাতৃৰ প্রমাণ পত্র থাকিলে সন্তানে পোনপটীয়াকৈ লাভ কৰিব প্রমাণ পত্র।
যিসকলৰ নাথাকে তেওঁলোকে ৪৫ দিনৰ ভিতৰত পাব।
নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীক জিলা প্রশাসনে বিদ্যালয়তে প্রমাণ পত্র দিব।
১৩ খন নতুন ম’ডেল স্কুলত অনুমোদন জনোৱা হৈছে।
৬৫ জন শিক্ষক দিব নিযুক্তি।
পূৰ্বৰে পৰা ২৫ খন মডেল স্কুলত পাঠদান চলি আছে।
চাহ বাগিচাৰ ৯৭খন হাইস্কুলত এপ্রিলৰ পৰা পাঠদান আৰম্ভ হ’ব।