মুখ্যমন্ত্ৰীৰ সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীক প্ৰৱেশ কৰিবলৈ নিদিয়া কাৰ্যক লৈ প্ৰাক্তন বিজেপি নেতা ৰাম প্ৰসাদ শৰ্মাই কয়, ‘‘ৰূপজ্যোতি কুৰ্মীৰ এই অৱস্থা হ’ব বুলি ভবা নাছিলো। স্থান হেৰালে মান হেৰায়। কংগ্ৰেছত থাকোতে লম্ফ-জম্ফ কৰিছিল ৰূপজ্যোতিয়ে। বিজেপিলৈ গৈ এতিয়া মান-সন্মান নাইকিয়া হৈছে।’’ মই কংগ্ৰেছত থাকি সুখী। মোৰ সন্মান কংগ্ৰেছত অটুত আছে”।
আনহাতে, ভূপেন বৰাৰ কবিতাক লৈ পীযুষ হাজৰিকাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, “মন্ত্ৰী পীযুষ হাজৰিকাই মুখ চম্ভালি কথা ক’ব লাগে, তেওঁ জনা উচিত যে ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে। কয়লা,গৰু, চুপাৰি আদি কমিচনৰ টকা কোনে খাইছে সকলোৱে জানে। পীযুষ হাজৰিকাৰ দেউতাকো কংগ্ৰেছী আছিল। ভূপেন বৰাৰ কবিতাই ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে। ভূপেন বৰাৰ কবিতা গাঁৱে-ভূঞে লৈ যাব কংগ্ৰেছে।’’