‘NDA য়ে প্ৰায় ৪০০ ৰ আশে পাশে জয়ী হ’ব। নৰেন্দ্ৰ মোডীয়ে যোৱা ১০ বছৰত যি কাম কৰিলে সেই কথাৰ প্ৰতিদান ৰাইজে নিশ্চয়কৈ দিছে। অসমত ১২টা সমষ্টিত আমি জয় লাভ কৰিম’ দেওবাৰে হোজাইত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্রী পীযুষ হাজৰিকাই। হোজাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত হাজৰিকাই আগন্তুক নিৰ্বাচনী ফলাফল সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
তেওঁ কয় যে, কংগ্ৰেছে প্ৰতিবাৰেই চৰকাৰ গঠন কৰিম বুলি কয়। যিসকলে উচ্চ বাক্য কয়, যিয়ে নতুনকৈ কাপোৰ চিলাই, যিয়ে মুখ্যমন্ত্রী হ’ম বুলি ভাবে সেইসকলেই নিৰ্বাচনত হাৰে। তদুপৰি লুৰীণজ্যোতি গগৈয়ে Exit Poll একো নাই বুলি কোৱা সন্দৰ্ভতো তেওঁ কয় যে, ” লুৰীণজ্যোতি গগৈ সন্দৰ্ভত মই বেছিকৈ ক’বলৈ বেয়া পাও। তেওঁ একেলগে দুটা নিৰ্বাচনত হাৰিছে। তিনি নম্বৰটোতো হাৰিব। তেখেত লাগি থাকক, লাগি থাকিলে কেতিয়াবা হয়তো ক’ৰবাত সফলতা পাব।’