- নিযুক্তিৰ ক্ষেত্ৰত যিবোৰ পৰিয়ালত এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীক অতিৰিক্তভাৱে ৫নম্বৰকৈ প্ৰদান কৰা হ’ব।
- চাফাই কৰ্মীসকলক প্ৰদান কৰিব ঘৰ।
- চাহ জনজাতি সম্প্ৰদায়ৰ চৰকাৰী চাকৰি ৩শতাংশ সংৰক্ষণ।
- ১০ লাখ ছাত্ৰীৰ নামভৰ্তিৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিব চৰকাৰে।
- গ্ৰাম্য অঞ্চলৰ মহিলা গোটৰ সদস্যাক দিব ১০হাজাৰকৈ টকা।
- অসমীয়া চলচ্চিত্ৰক উতসাহিত কৰিবলৈ পূৰ্ণ দৈঘ্য অসমীয়া বোলছবিৰ বাবে ১০লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব।
- ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, বিষ্ণু ৰাভাৰ সোৱৰঁণত অনুষ্ঠিত কৰিব নৈশ সাংস্কৃতিক সন্ধিয়া।
- ৰাম মন্দিৰলৈ তীৰ্থ যাত্ৰা কৰিব খোজা ২৫শ তীৰ্থ যাত্ৰীক আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। ২৫কোটি টকা আৱন্টন।
- ৫৫০কোটি টকাৰ ব্যয়েৰে ৫০টা মথাউৰি নিৰ্মাণ।
- ৩০০কোটি টকাৰ ব্যয়েৰে চন্দ্ৰপুৰত ষ্টেডিয়াম নিৰ্মাণ।
- মাইক্ৰফাইনেন্সক সকাহ দিবৰ বাবে বাজেটত ৫৫০কোটি টকা ধাৰ্য কৰা হৈছে।
- নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী বা ব্যক্তিগত গৃহত সৌৰশক্তিৰ ব্যৱস্থাপনা বাধ্যতামূলক।
- দীপৰ বিল পুণৰাজ্জীৱিত কৰিবৰ বাবে ১০০কোটি টকা ধাৰ্য।
- কুকুৰা আৰু কণী উতপাদকলৈ বাজেটত ২৫কোটি টকা ধাৰ্য।
- জি এম চিৰ নতুন আন্তঃগাথনিৰ বাবে ৩২৫০কোটি টকা ধৰা হৈছে বাজেটত।