ভাৰতীয় সেনাৰ তৃতীয় সৰ্বোচ্চ পদবী মেজৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাস্কৰ কলিতাই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (NCC) উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে। আনহাতে তেওঁৰ স্থানত ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্ৰণালয়ে নিযুক্তি দিছে মেজৰ জেনেৰেল গগন দ্বীপক। ১৯৯১ চনত ভাৰতীয় সেনাৰ জাট ৰেজিমেণ্টত কমিছনড লাভ কৰা জেনেৰেল গগন দ্বীপে ৩০ নৱেম্বৰত বিদায়ী জেনেৰেল ভাস্কৰ কলিতাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ৰামপুৰ নিবাসী, গোৱালপাৰা সৈনিক স্কুলত অধ্যয়ন কৰি পৰৱৰ্ত্তী সময়ত পুণেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ভাস্কৰ কলিতাই ১৯৮৫ চনত ভাৰতীয় সেনাৰ ১৯ কুমায়ুন ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পাছত নিজৰ দক্ষতা, যোগ্যতা আৰু অভিজ্ঞতাৰ বলত ২০১৭ চনত ভাৰতীয় সেনাৰ তৃতীয় সৰ্বোচ্চ পদবী মেজৰ জেনেৰেললৈ পদোন্নতি লাভ কৰে। চাকৰি জীৱনত কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চলকে ধৰি বিভিন্ন প্ৰান্তত কঠিন আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেনা বাহিনীৰ বিভিন্ন পদবীত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা বাবে ভাস্কৰ কলিতাক যুদ্ধ সেৱা মেডেলৰ দৰে অতি সন্মানীয় পদকৰে সন্মানিত কৰা হৈছিল। আনহাতে ৩০ নৱেম্বৰত বিদায়ী এ ডি জি কলিতাক উত্তৰ পূব মণ্ডলৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডল সঞ্চালকায়ত আয়োজিত এক অনুষ্ঠানত সেনা বাহিনীৰ বিষয়া, জোৱান, NCCৰ বিষয়া – কৰ্মচাৰী সকলে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত এ ডি জি গগন দ্বীপকো আদৰণি জনোৱা হয়।