বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ পথ লাহে লাহে প্রশস্ত হৈছে বিশ্বৰ সৰ্ববৃহ নদীদ্বীপ তথা অসমীয়া কলা–সংস্কৃতিৰ পীঠস্থান মাজুলীৰ৷ বিশ্ব ঐতিহ্য ক্ষেত্রৰ সাম্ভব্য তালিকাত মাজুলীৰ নাম অক্ষুণ্ণ আছে৷ উল্লেখ্য যে সদনৰ প্রশ্নোত্তৰ কালত অগপ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই উত্থাপন কৰা প্রশ্নৰ উত্তৰত কেন্দ্রীয় সংস্কৃতি আৰু পর্যটন মন্ত্রী জি কিষাণ ৰেড্ডীয়ে জনোৱা মতে, বিশ্ব ঐতিহ্য কমিটীয়ে বান্ধি দিয়া কর্মক্ষম নিয়মাৱলী (অপাৰেচনেল গাইড লাইনছ) মতে মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভ কৰিব নোৱাৰে৷ ২০১২ চনৰ ১ মার্চত বিশ্ব ঐতিহ্য কমিটীয়ে এই কথা নতুন দিল্লীক অৱগত কৰিছিল৷ ইয়াৰ পাছত অসম চৰকাৰে বিশ্ব ঐতিহ্য কমিটীৰ অপাৰেচনেল গাইড লাইন অনুসৰণ কৰি মাজুলীক ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ বাবে উপযোগী কৰি তুলিবলৈ এজন পৰামর্শদাতা নিযুক্তি দিয়ে৷ বিগত প্রায় এক দশকৰ প্রচেষ্টাত সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে হোৱা কেইবালানিও বৈঠকৰ পাছত ২০২১ চনত এখন খচৰা দলিল প্রস্তুত কৰি মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ উপযুক্ত কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।
উক্ত খচৰা দলিলখন চূডান্ত কৰিবলৈ বৰ্তমান মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটীক দায়িত্ব প্রদান কৰিছে৷ ৰাজ্যসভাত মন্ত্রী ৰেড্ডীয়ে প্রদান কৰা বিবৃতি অনুসৰি ২০২৩ চনৰ ফেব্রুৱাৰী মাহৰ ভিতৰত বিশ্ব ঐতিহ্য কমিটীৰ ওচৰত জমা কৰিবলগীয়া ডচিয়াৰখন অসম চৰকাৰে কেন্দ্রৰ ওচৰত দাখিল কৰিব৷ সমগ্র প্রক্রিয়াটো আগবঢ়াই নিয়াৰ বাবে চলিত বিত্তীয় বর্ষত কেন্দ্রৰ পৰা মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটীক ৩৮ কোটি টকা ধার্য কৰা হৈছে বুলি বিভাগীয় মন্ত্রীজনে সদনক অৱগত কৰে৷ সদনৰ মজিয়াত ৰেড্ডীয়ে দাখিল কৰা তালিকাত দেখা গৈছে ভাৰতৰ মুঠ ৪৬টা সম্ভাব্য ঐতিহ্য ক্ষেত্রৰ পঞ্চম স্থানত আছে মাজুলী নদীদ্বীপৰ নাম৷ আনহাতে ২৪ নম্বৰ স্থানত আছে আহোম যুগৰ মৈদামসমূহ৷