মণিপুৰত আজি অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ২২টা বিধানসভা সমষ্টিৰ বাবে ৯২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি মণিপুৰত। পুৱা ৭ বজাৰে আৰম্ভ হোৱা এই ভোটগ্ৰহণ বিয়লি ৫বজাত অন্ত পৰিব।
উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মণিপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি অন্ত পৰিব। পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ। জানিব পৰা মতে, ৯ বজালৈ ১১.৪০ শতাংশ ভোটদান সম্পন্ন হৈছে। ইয়াৰে ভিতৰত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ ইবোবি সিঙো আছে।
আনহাতে, ভোট আৰম্ভ হোৱাৰ পূৰ্বে কালি নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই খাৰ বোমা নিক্ষেপ কৰিছে নিলম্বিত বিজেপি নেতা এজনৰ ঘৰত।