মণিপুৰক লৈ সংসদৰ অচলাৱস্থাৰ মাজতে কংগ্ৰেছে লোকসভাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে। ২০ জুলাইত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা পাছৰে পৰা মণিপুৰ সন্দৰ্ভত দুয়োখন সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। বিৰোধীয়ে মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্যৰ দাবী কৰিছিল। কিন্তু শাসকীয় পক্ষই কৈছিল যে তেওঁলোকে আলোচনাৰ বাবে সাজু। কিন্তু মণিপুৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেহে মন্তব্য কৰিব। আনহাতে অমিত শ্বাহেও কৈছে যে তেওঁ আলোচনা কৰিবলৈ সাজু।
তাৰপাছতে আজি লোকসভাত অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে বিৰোধীয়ে। সদনত কেন্দ্ৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ৫০ জন সাংসদৰ প্ৰয়োজন। লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়। যদি সংসদত অনাস্থা প্ৰস্তাৱ অনা হয় আৰু সদনৰ ৫১ শতাংশ সাংসদে অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে তেন্তে ই গৃহীত কৰা হয় আৰু চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাই আৰু পদ ত্যাগ কৰিব লাগে। অৱশ্যে কেৱল চৰকাৰ ভংগ কৰাৰ বাবে বিৰোধীয়ে এই প্ৰস্তাৱৰ সিদ্ধান্ত নলয়। দেশৰ কিছুমান গভীৰ সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ বাবেও অনাস্থা প্ৰস্তাৱ দাখিল কৰে। ইয়াৰ মাজতে কব লাগিব যে আজি চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱণা কম। কিয়নো বৰ্তমানৰ চৰকাৰ সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ কোনো সম্ভাৱণা নাই।