স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ তথা আজাৰা ৰাজহ ৰাজহ চক্ৰৰ কাঁহিকুছি গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত আজি এক বৃহৎ শোভাযাত্ৰা উলিওৱা হয়। আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (ASLRM) ৰাণী খণ্ড অভিযান পৰিচালনা শাখা, ধ্ৰুৱতৰা মণ্ডল সংগঠন, ত্ৰিণয়না মণ্ডল সংগঠন, মহাবাহু মণ্ডল সংগঠনকে ধৰি বিভিন্ন সংগঠনৰ সহযোগত উলিওৱা শোভাযাত্ৰাত প্ৰায় দুই হাজাৰ অগপ কৰ্মীয়ে ভাগ লয়।শোভাযাত্ৰাটো আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
চমু ভাষণত বিধায়ক কলিতাই স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ কথা উল্লেখ কৰি স্বাধীনতা আন্দোলনৰ সেনানী সকলোলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উৰুৱাবলৈ সমষ্টিৰ জনসাধাৰণৰ প্ৰতি আহবান জনায়। আনহাতে শোভাযাত্ৰাটো পাচনীয়াপাৰাৰ পৰা কুৱঁৰীগাঁও-ৰাইবৰি হৈ লক্ষ্মী মন্দিৰৰ পথাৰত সামৰণি মৰা হয়। শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ “বন্দে মাতৰম ,ভাৰত মাতা কি জয়”আদি ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে।শোভাযাত্ৰাত অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, সদস্য ৰজিদা বেগম , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, সদস্য জোনালী দাস, অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, সহকাৰী সম্পাদক ৰুবুল বৈশ্য, মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি কাকতি, অসম যুৱ পৰিষদৰ সম্পাদক প্ৰণৱ দাস এ এছ এল আৰ এমৰ ৰাণী উন্নয়ন খণ্ডৰ মিছন সমন্বয়ক গুণজিৎ ঠাকুৰীয়া, আত্মসহায়ক গোটৰ কেবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে।