নির্ধাৰিত সময়মতেই এইবাৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ পৰীক্ষাগৃহত অনুষ্ঠিত হ’ব এই বছৰৰ পৰীক্ষা৷ অলপতে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ লগতে শিক্ষামন্ত্রীগৰাকীয়ে কয় যে, মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে আৰু কয় যে বর্তমান সকলোৱে ভেকচিন দিয়াত গুৰুত্ব প্রদান কৰা হৈছে৷ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱালৈ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া সকলো ছাত্র–ছাত্রীক ভেকচিন দিয়াটো যিহেতু সম্পূর্ণ হৈ উঠিব, সেয়ে পৰীক্ষা অনুষ্ঠিত কৰাত অসুবিধা নহ’ব৷ উল্লেখ্য যে, ৰাজ্যত ক’ভিডৰ তৃতীয় ঢ়ৌ আৰম্ভ হোৱাৰ লগে লগে এই বছৰো মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ একাংশ ছাত্র–ছাত্রী আৰু অভিভাৱকৰ মনত শংকাৰ উদয় হয়৷ অৱশ্যে একে সময়তে ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ বাবেও ক’ভিড ভেকচিন প্রদান আৰম্ভ হোৱাত মেট্রিক, উচ্চতৰ মাধ্যমিক শ্রেণীৰ সকলো ছাত্র–ছাত্রীয়ে ভেকচিন লাভৰ পথ প্রশস্ত হৈ পৰে৷ ইতিমধ্যে বিদ্যালয়ে বিদ্যালয়ে ছাত্র–ছাত্রীসকলক পূর্ণগতিত ভেকচিন দিয়া আৰম্ভ হৈছে আৰু পৰীক্ষাৰ পূর্বে প্রতিগৰাকী ছাত্র–ছাত্রীয়ে দুয়োপালি ক’ভিড ভেকচিন লাভ কৰিব৷