অসমৰ লোকসভাৰ সাংসদ তথা AIUDF ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে পুনৰ এক বিতৰ্কিত মন্তব্য কৰি কয় যে, “মোৰ পূৰ্বপুৰুষসকল হিন্দু আছিল। হিন্দুসকলৰ এটা সৰু গোটৰ অত্যাচাৰৰ বাবে, মোৰ পূৰ্বপুৰুষৰ দৰে বহুতো মুছলমানে নিজকে ইছলামলৈ ধৰ্মান্তৰিত কৰিব লগা হৈছিল। অৱশ্যে, ধৰ্মান্তৰিত হ’বলৈ বাধ্য হোৱা নাছিল। মই আমাৰ হিন্দু ভাতৃসকলৰ অনুভূতিক সন্মান কৰিবলৈ আহ্বান জনাইছো। আনকি বহুতো মুছলমান ধৰ্মীয় অনুষ্ঠানেও গৰু বলি সমৰ্থন নকৰে। ঈদত এদিনৰ বাবে গৰু নাখালে আমি নমৰো, বৰঞ্চ, আমি ইয়াক হিন্দু ভাইসকলৰ সৈতে উদযাপন কৰোঁ।”
উল্লেখ্য যে, আজমলে অসমত মুছলমানসকলক আগন্তুক ঈদৰ সময়ত গৰু বলি নিদিবলৈ আহ্বান জনোৱাক কেন্দ্ৰ কৰি ইতিমধ্যেই যথেষ্ট বিতৰ্কৰ সূচনা হৈছে। বহুতে তেঁওক বিজেপিৰ এজেন্ট বুলিও সমালোচনা কৰিছে। লগতে তেওঁক মুছলমান ধৰ্মৰ লোকসকলে ঈদত গৰু কোৰবাণী দিব নে আন প্ৰাণী কোৰবাণী দিব তাৰ নিৰ্দেশ দিয়াৰ অধিকাৰ মৌলানা বদৰুদ্দিন আজমলৰ নাই বুলিও মুছলমান ধৰ্মৰ বহুজনে কটাক্ষ কৰে।
হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক সন্মান কৰাৰ বিকল্প হিচাপে ধৰ্মীয় দায়বদ্ধতা পূৰণ কৰিবলৈ আন জন্তু ব্যৱহাৰ কৰি ‘কুৰবানী’ (বলি) আগবঢ়াবলৈ অনুৰোধ জনোৱাৰ সময়ত বৃহস্পতিবাৰে AIUDF ৰ মুৰব্বীজনে কয় যে তেওঁৰ পূৰ্বপুৰুষসকল হিন্দু আছিল। আজমলে কয় যে, “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) কেইজনমানে হিন্দু ৰাজ বনোৱাৰ চেষ্টা কৰি হিন্দুস্তানৰ সমাপ্তি কৰিব বিচাৰে। হিন্দু ৰাজৰ সপোন বাস্তৱ নহ’ব। তেওঁলোকে এই দেশত মুছলমান আৰু হিন্দুসকলৰ মাজৰ একতা ভাঙিব নোৱাৰে।”