অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মীৰা বৰঠাকুৰ মনোনীত কৰা হৈছে বুলি কংগ্ৰেছ হাইকামাণ্ডে এক জাননী যোগে প্ৰকাশ কৰিছে।
২২ মাৰ্চত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত এই জাননী জাৰি কৰা হয়।
উল্লেখ্য যে, বিজেপি এৰি কংগ্ৰেছত অতি সক্ৰিয়তাৰে কেইবাবছৰো ধৰি কাম কৰি আছে মীৰাবৰঠাকুৰে। সততে বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰি আহিছে বৰঠাকুৰে।