কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ অনুসূচিত জাতি, জনজাতি তথা অন্যান্য পিছপৰা জাতি উন্নয়ন পৰিষদৰ বিভিন্ন বিষয় আলোচনাৰ বাবে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। পৰিষদৰ সদস্য-সচিব তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া সুস্বপ্না কাকতিৰ উপৰি তিনিও পৰিষদৰে অধ্যক্ষ আৰু আন-আন সদস্যসকল উপস্থিত থকা এই সভাত মহকুমাভিত্তিক তালিকাৰ বিসংগতি দূৰীকৰণৰ ওপৰত আলোচনা কৰাৰ লগতে চৰকাৰী আঁচনি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীক বাদ নেপেলাবলৈ উপায়ুক্তগৰাকীয়ে অনুৰোধ কৰে। আনহাতে, আঁচনি কাৰ্যকৰী কৰাৰ পিছত সত্য়তা প্ৰমাণ হিচাপে হিতাধিকাৰীসকলৰ পৰা লাভ কৰা ৰছিদ সংলগ্ন কৰি ৰিপৰ্ট প্ৰস্তুত কৰিবলৈও উপায়ুক্তগৰাকীয়ে অনুৰোধ জনায়।