অলপতে অসম চৰকাৰৰ শিক্ষা বিভাগে ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত শেহতীয়াকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবৰ সিদ্ধান্ত কৰিছিল। এই সিদ্ধান্তৰ পাছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি গুৱাহাটীৰ বহু ক্ৰীড়াৰ ইতিহাস বহন কৰা খেলপথাৰ এখন ধ্বংস কৰি তাত ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলন তথা এলুমণি এচোছি়েয়েশ্যনেও বিৰোধিতা কৰিছিল। ইয়াৰ মাজতে খেলপথাৰ ধ্বংস কৰি তাত যাতে কোনো ধৰণৰ ভৱন নিৰ্মাণ কৰা নহয় তাৰ বাবে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰি ৮ জুলাইত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰদান কৰিছিল পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অবশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ শিক্ষা বিভাগে সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিছে। আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে দিছপুৰ সচিবালয়ৰ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ কাৰ্যাল়য় কক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , লোকনিৰ্মাণ গৃহ বিভাগৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তী, মূখ্য অভিযন্তা ভূপেন শৰ্মা উপস্থিত থাকে। আনহাতে বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰা নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনা সন্দৰ্ভত বিধায়ক কলিতাক অৱগত কৰে আৰু নতুন ভৱনটো বিদ্যালয় চৌহদৰ সুবিধাজনক স্থানত নিৰ্মাণ কৰা হব বুলি সদৰি কৰে।
উল্লেখ্য যে সোণাৰাম খেলপথাৰৰ ভিতৰত নতুন ভৱন নিৰ্মাণ কৰা হব বুলি খবৰ বিয়পি পৰাৰ পাছতেই ব্যাপক ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত বিধায়ক কলিতাই ঊল্লেখ কৰিছিল যে ভৰলুমুখৰ পৰা মালিগাঁওলৈ এই বৃহৎ অঞ্চলত এখনেই খেলপথাৰ আছে। সেই খেলপথাৰখন হ’ল- সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। উক্ত খেল পথাৰত খেল-ধেমালীৰ অনুশীলন, বিভিন্ন সভা-সমিতি, প্রদর্শনী আদি গোটেই বছৰটোতেই অনুষ্ঠিত হৈ থাকে। বর্তমান শিক্ষা বিভাগে উক্ত খেলপথাৰ খনতেই সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো নিৰ্মাণ কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তত ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু এলুমিনি গোটৰো সম্পূর্ণ বিৰোধীতা আছে। বিধায়ক হিচাবে ময়ো এই সিদ্ধান্তৰ বিৰোধীতা কৰিছো। মই ভাবো-বর্তমানৰ বিদ্যালয়ৰ কাষতেই নতুন ভৱনটো নিৰ্মাণ কৰিব পৰা যাব। গতিকে মই আপোনাৰ হস্তক্ষেপ বিচাৰিছো আৰু শিক্ষা বিভাগে লোৱা সিদ্ধান্তটো বাতিল কৰি আপুনি এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত দিব বুলি আশা কৰিলো। অবশেষত বিধায়ক কলিতাই পত্ৰত ঊল্লেখ কৰা ধৰণে বিদ্যালয়ৰ কাষতে নতুন ভৱনটো নিৰ্মাণ কৰাটো নিশ্চিত হৈছে।