তিৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিতাবৰটো মঙলবাৰে খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অংশ হিচাপে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।বিত্তমন্ত্ৰী মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৰেচন কাৰ্ড। তিতাবৰৰ ৭২৪০ টা পৰিয়ালক অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে বিতৰণ কৰে ৰেচন কাৰ্ড।
আনহাতে উক্ত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অংশগ্ৰহণ কৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাহুল গান্ধীয়ে উলিওৱা ন্যায় যাত্ৰা সম্পৰ্কত কয়, কন্য়াকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে উলিওৱা ভাৰত জোড়ো যাত্ৰাই যি দৰে নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছক ধূলিৎসা কৰিলে, ঠিক সেইদৰে মনিপুৰ পৰা গ্ৰহণ কৰা ন্যায় যাত্ৰাই নিৰ্বাচনত কংগ্ৰেছক ধূলিৎসা কৰিব।