কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ২৯ ছেপ্টেম্বৰত গুৱাহাটীৰ বঙৰাৰ টেক চিটিত উত্তৰ-পূবৰ ৭ খন ৰাজ্য (অৰুণাচল প্ৰদেশৰ বাহিৰে)ৰ বাবে ৫জি এপ্লিকেচন আৰু এটা ৫জি অভিজ্ঞতা কেন্দ্ৰ ভাৰ্ছুৱেলী উদ্বোধন কৰিব। এই উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ সময়ত ব্যক্ত কৰা দৃষ্টিভংগীৰ ধাৰাবাহিকতা ৰক্ষা কৰি কৰা হ‘ব। প্ৰধানমন্ত্ৰীয়ে ১৮ ডিচেম্বৰ, ২০২২ তাৰিখে উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ‘অষ্টলক্ষ্মী’ক মূলধন হিচাপে লোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল আৰু কৈছিল যে চৰকাৰে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে ৮টা মৌলিক স্তম্ভৰ বিষয়ত কাম কৰা উচিত। গুৰুত্ব দিয়া মুখ্য মৌলিক স্তম্ভবোৰৰ ভিতৰত এটা আছিল চাকৰি সৃষ্টিৰ বাবে ৫ জি সংযোগ, অন্যান্য আৰ্থ-সামাজিক উন্নয়নমূলক লক্ষ্য প্ৰাপ্ত কৰা আৰু উত্তৰ-পূব পৰিষদত বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ পূৰণ কৰা।
এই প্ৰকল্পটো এমট্ৰ‘নৰ দ্বাৰা বিভিন্ন চৰকাৰী সংস্থা যেনে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, দূৰসংযোগ বিভাগ, টেলিকম খণ্ডৰ দক্ষতা পৰিষদ, পৰিকল্পনা আৰু স্থাপত্য বিদ্যালয়, নতুন দিল্লী; বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু চফদৰজং চিকিৎসালয়, নতুন দিল্লী; ডিজাইন উদ্ভাৱন কেন্দ্ৰ, ইউআইইটি, পাঞ্জাব বিশ্ববিদ্যালয় আৰু আলিমকোৰ সহযোগত সম্পাদন কৰা হৈছে।
গুৱাহাটীত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে ১৪.৯৬ কোটি টকাৰ পুজিৰ ব্যয়েৰে এমট্ৰ‘নত উত্তৰ-পূব অঞ্চলৰ বাবে ৫ জি এপ্লিকেশ্বনৰ প্ৰকল্প স্থাপন কৰিছে। এই ৫ জি লেবৰ জৰিয়তে স্থানীয় মানৱ সম্পদৰ বিকাশত সহায়ক হ‘ব৷ এই প্ৰকল্পটোৱে পাইলট প্ৰকল্প হিচাবে স্বাস্থ্যসেৱা, ডিজিটেল শৈক্ষিক সমলৰ সহজলভ্যতা, বাঁহ আৰু বেতৰ শিল্পী ,কাৰুশিল্পৰ সৈতে জড়িত ব্যক্তি আৰু কৃষিক্ষেত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰিব।