মঙলবাৰে লোকসভাত কেন্দ্ৰীয় পশুপালন, ডেয়ৰী তথা মৎস্যপালন মন্ত্ৰী গিৰিৰাজ সিঙে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে।
দৰাচলতে, গিৰিৰাজ সিঙে ৰাহুল গান্ধীয়ে পৃথকভাৱে মৎস্য মন্ত্ৰালয় গঠন কৰাৰ মন্তব্যক লৈ তেওঁক লক্ষ্য কৰি লৈ ক’লে যে,
ৰাহুলক যিকোনো এখন স্কুললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন যাতে তেওঁ জানিবলৈ পাই যে ভাৰত চৰকাৰৰ অধীনত কোনটো-কোনটো বিভাগে কাম কৰি আছে।
গিৰিৰাজে ক’লে যে, ‘মই নাজোনো তেওঁৰ স্মৃতিশক্তি গৈছে নে, কিবা হৈছে, মই নাজানো।
মই দুখ পাইছো যে, পুডুচেৰী আৰু কোচীত গৈ কৈছিল যে, মৎস্যপালন বিভাগেই নায়।
মই চৰকাৰ গঠন কৰিলে পৃথকভাৱে মন্ত্ৰালয় গঠন কৰিম।
মই দুখিত যে, মহোদয় এইটো কাৰ প্ৰশ্ন আছিল?
মই সাংবিধানিক প্ৰশ্ন উত্থাপন কৰিম।’
লোকসভাৰত প্ৰশ্নকালৰ সময়ত গিৰিৰাজ সিঙে তেওঁৰ মন্ত্ৰালয়ৰ সৈতে জড়িত সুনীতা দুগ্গলৰ পূৰক প্ৰশ্নৰ উত্তৰ দি ক’লে যে, ৰাহুল গান্ধীয়ে ক’লে যে,
I'm hurt. Rahul Gandhi had asked a question on 2nd Feb. But in Puducherry & Kochi, he said that there's no Fisheries Dept, I don't know if his memory failed him. I'll form a separate ministry when we come to power, he said. Whose question was this?: Minister for Fisheries in LS pic.twitter.com/IbXIhdFb5h
— ANI (@ANI) March 9, 2021
তেওঁ মাছমৰীয়াসকলৰ বাবে পৃথকভাৱে মন্ত্ৰালয় গঠন কৰাৰ কথা আলোচনা কৰি আছে,
কিন্তু তেওঁ ২ ফেব্ৰুৱাৰীত এই মন্ত্ৰালয়কে প্ৰশ্ন উত্থাপন কৰিছিল আৰু পুডুচেৰীত গৈ তেওঁৰ স্মৃতিশক্তি হেৰুৱায়।
কেৱল এয়াই নহয়, ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে,
এওঁলোকৰ নেতাক স্কুললৈ প্ৰেৰণ কৰক, তেওঁক কওক যে, ভাৰতত কোনটো কোনটো বিভাগ আছে।
Photo: Twitter