ফেচবুকতে যেন এক শীতল যুদ্ধ চলিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত। প্ৰকৃততে ৰবিবাৰে খানাপাৰাত হৈ যোৱা প্ৰধানমন্ত্ৰী মোডীৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো এক কাট আউট দিয়া হৈছিল যদিও পিছত মুখ্যমন্ত্ৰীৰ কাট আউট আঁতৰাই দিয়া হয়। তাকে লৈ বিৰোধী বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত এক পোষ্ট কৰিছিল।
অখিল গগৈৰ ফেচবুক পোষ্টৰ উত্তৰ দিলে পীযুষ হাজৰিকাই!
অখিল গগৈক কটাক্ষ কৰি পীযুষ হাজৰিকাই তেওঁৰ ফেচবুক পোষ্টত এইদৰে লিখে, “অখিল গগৈ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাট আউটটো আঁতৰোৱা সিদ্ধান্তটো আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মহানুভৱতাৰহে পৰিচয়। সেই কাট আউটটো কোনো বিশেষ কাৰণত আঁতৰোৱা হোৱা নাছিল। “মোৰ ইমান ডাঙৰ কাট আউট লগোৱাৰ প্ৰয়োজন নাই” বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোকেই ফোন কৰিছিল আৰু আঁতৰাই দিবলৈ কৈছিল। অসমে আজি প্ৰায় ১২,০০০ কোটি টকাৰ আঁচনি লাভ কৰিলে। অখিল গগৈ ডাঙৰীয়া, আপোনাক অনুৰোধ জনাওঁ যে ঋণাত্মক কথাবোৰত লাগি থকাতকৈ এই ধনাত্মক কথাবোৰত গুৰুত্ব দিয়ক।”