১৫ কোটি টকা আৱন্টন দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে। ইতিমধ্যে ইয়াৰ টেণ্ডাৰৰ কাম হৈ গৈছে আৰু অতি শীঘ্ৰেই কাম আৰম্ভ কৰা হ’ব বুলি বিধান সভাত জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।
লগতে পীযুষ হাজৰিকাই জনায় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানীৰ বিষয়টো অসমৰ জলসম্পদ বিভাগ প্ৰত্যক্ষ ভাৱে জড়িত নহয় যদিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উক্ত বিষয়টো চাবলৈ তেওঁক নিৰ্দেশ দিয়াত তেওঁ জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে ১৫ কোটি টকা আৱন্টন দিয়া হয় বুলি জনায়।
এইদৰে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত বিভিন্ন প্ৰশ্নৰ উত্তৰ যথেষ্ট তথ্য সহকাৰে আগবঢ়োৱা পৰিলক্ষিত হয়।