অসমৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয়। তেজপুৰৰ মাজগাঁৱস্থিত শ্বহীদ বাকৰিত আয়োজিত এক অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি তেজপুৰ বিধানসভা সমষ্টিত মুঠ ২৯,৬৬৮ জন ব্যক্তিক সামৰি ৬,৭৪০ টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে।
ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল’গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল’গ্ৰামকৈ চাউল লাভ কৰে। ইয়াৰোপৰি ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰে। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে এই কথা প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে।
লগতে মন্ত্ৰীগৰাকীয়ে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট পথৰ তড়িৎ উন্নয়ন, দলং নিৰ্মাণ, মিচ্যন বসুন্ধৰা, মিচ্যন ভূমিপুত্ৰ আদি ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম আৰু আঁচনিসমূহৰ বিষয়েও বৰ্ণনা কৰে ।