অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলক সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ দিব চৰকাৰে৷ উল্লেখ্য যে, এতিয়াৰে পৰা অসমত বসবাস কৰা সংখ্যালঘু খ্ৰীষ্টান, বুদ্ধ, জৈন, পাৰ্চী, মুছলিম আৰু শিখসকলক সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ দিয়া হ’ব৷ সংখ্যালঘু লোকক চিনাক্তকৰণৰ বাবে এই প্ৰমাণ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷
আজি দিছপুৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কেবিনেট বৈঠকৰ পাছত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰে৷
মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ মহন্তই কয় যে, ছয় বছৰীয়া অসম আন্দোলনত নিৰ্যাতিত ২৮৮গৰাকী ব্যক্তি আৰু ৫৭গৰাকী মহিলাক ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ নিৰ্যাতিত মহিলাসকলক কম দিনৰ ভিতৰতে এককালীন সাহায্য প্ৰদান কৰা হ’ব যদিও নিৰ্যাতিত পুৰুষসকলক ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনা এককালীন সাহায্য প্ৰদান কৰা হ’ব৷
In today's #AssamCabinet meeting, we took several decisions pertaining to SOP for Mission Amrit Sarovar, ex-gratia for Assam Agitation victims, PF dues for ATCL workers, fair compensation for acquisition of tea garden lands, extension of tax exemption on green tea leaves, etc. pic.twitter.com/eeLolkjDkz
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 29, 2022
অসম চাহ নিগমে শ্ৰমিকসকলৰ ভৱিষ্যনিধিত দিবলৈ বাকী থকা ১৪২ কোটি টকা কেবিনেটে আজি মুকলি কৰি দিয়ে৷ চাহ বাগিচাৰ মাটি অধিগ্ৰহণ কৰিলে মালিকপক্ষই লাভ কৰা ক্ষতিপূৰণৰ ১০ শতাংশ ধন শ্ৰমিকসকলৰ পুনৰ সংস্থাপনৰ বাবে ব্যয় কৰিব লাগিব আৰু প্ৰতিজোপা চাহ গছৰ মূল্য চাহ ব’ৰ্ডে নিৰ্ধাৰণ কৰিব৷
মালিকপক্ষই চৰকাৰৰ পৰা ক্ষতিপূৰণৰ ধন লয় যদিও শ্ৰমিকৰ পুনৰ সংস্থাপনত ব্যয় নকৰাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিফুত অমৃত সৰোবৰ আঁচনি উদ্বোধন কৰাৰ পাছত এই আঁচনিৰ অধীনত ১,২০৮.৩৭ কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে নতুনকৈ ৩০০৭টা পুখুৰী খান্দি অমৃত সৰোবৰ একোটা পুখুৰীৰ নিৰ্মাণৰ বাবত খৰচ হ’ব ২৪ লাখকৈ টকা৷
আটাইকেইটা পুখুৰী খন্দাৰ কাম শেষ কৰা হ’ব৷ পুখুৰী খন্দাৰ বাবত হোৱা পুঁজি মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম যোজনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু বিত্তীয় আয়োগৰ পুঁজি ব্যৱহৃত হ’ব৷ এই পুখুৰীবোৰৰ পাৰত বাগিচা স্থাপন কৰা হ’ব৷ পুখুৰীৰ মীনপালনৰ দিশতো মীন বিভাগে চোৱা-চিতা কৰিব৷ মীনপালন, জল সংৰক্ষণ আঁচনিৰ বাহিৰে আনক দায়িত্ব বা লীজত দিব নোৱাৰিব৷
চাহ বাগিচা এলেকাতো যিহেতু এনে পুখুৰী খন্দা হ’ব সেয়েহে বাগিচাৰ যুৱক-যুৱতীয়েসংস্থাপন লাভ কৰিব৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি মহন্তই কয় যে বৰাকৰ ডলু চাহ বাগিচাৰ ১২৬৩জন শ্ৰমিকক গুড উইল গ্ৰাণ্ট হিচাপে ১ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷
ডিমা হাছাওৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিব আৰু কেবিনেটত আজি এই বিষয়ত আলোচনা হয়৷ কেঁচা চাহপাতৰ ওপৰত আৰোপিত উপ-কৰ আৰু তিনি বছৰলৈ ৰেহাই দিয়াৰ সিদ্ধান্তত কেবিনেটে অনুমোদন দিছে৷ ড॰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনিৰ অন্তৰ্গত ১৩২৮গৰাকী শিক্ষকলৈ দৰমহা চিলিং মুক্ত কৰি দিয়া হৈছে৷
এতিয়াৰে পৰা তেওঁলোকে চিলিং নোহোৱাকৈ নিয়মিত দৰমহা লাভ কৰিব৷ চাহ বাগিচাত ইক’ টুৰিজিম হিচাপে গঢ়িবলৈ অতিৰিক্তভাৱে শতাংশ অঞ্চল ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে কেবিনেটে৷ বাগিচাৰ কোম্পানী বা মালিকপক্ষ বা চৰকাৰী পক্ষৰ সৈতে সংযুক্তৰ বাহিৰে আনক দায়িত্ব বা লীজত দিব নোৱাৰিব৷ এই ব্যৱস্থাৰ ফলত চাহ বাগিচাৰ যুৱক-যুৱতীয়েসংস্থাপনলাভ কৰিব৷