পশ্চিম গুৱাহাটী সমষ্টিৰ বিভিন্ন পথ-উপপথকে ধৰি অন্যান্য উন্নয়ন কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। ইয়াৰ অংশ হিচাপে আজি কেবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। আজি বিধায়ক কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মহানগৰীৰ পশ্চিম প্ৰান্তৰ ভিন্ন স্থানৰ ১২ টা পথৰ আধাৰশিলা স্থাপন কৰে।
ইয়াৰ ভিতৰত ৪২.২৯ লাখ টকা ব্যয় সাপেক্ষে আজাৰা গধূলি বজাৰৰ পৰা লোৱাৰ মিৰ্জাপুৰ পথ, বাকাৰাপাৰা পথ (১৪৭.৬৫ লাখ), পিটবাৰী ভিলেজ পথ (৫০.৩৬ লাখ), পুৰণবাৰী ভিলেজ পথ (৮২.৫০ লাখ), মেকুৰীকুছি পথ (৬৮.৩৬ লাখ), ৰাণী মৈৰাপুৰ ভিলেজ পথ (৯১.৩৪ লাখ), ভোলাগাওঁ ভিলেজ পথ (১১৯.৪৭ লাখ), এল জি পথৰ পৰা কুমাৰবাৰী শিৱ মন্দিৰ পথ ( ১০৮.৪২ লাখ), গাৰোপৰা ভিলেজ পথ (১১৫.৩৯ লাখ), চল্লিৰ পৰা জয়পুৰ পথ (৭৮.৯৯ লাখ ), বিক্ৰমপুৰৰ পৰা চেচা পথ (১৪.৩৯ লাখ) , ৰাজাপাৰাৰ পৰা বাহুৱা পথ (১৪.৩৯ লাখ)। আজি বিধায়ক কলিতাই উক্ত পথ কেইটাৰ আধাৰশিলা আনুষ্ঠানিক স্থাপন কৰি স্থানীয় ৰাইজক উন্নয়নমূলক কামখিনিত চকু ৰাখিবলৈ আহ্বান জনায়। আনুষ্ঠানিকতা সম্পন্ন কৰি বিধায়ক কলিতাই অতি সোনকালে পথ কেইটা স্থানীয় ৰাইজৰ সহায়ক হোৱাকৈ কাৰ্যক্ষম কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সংমণ্ডল(পথ)ৰ কাৰ্যবাহী অভিযন্তা ভবেন শৰ্মা , সহকাৰী কাৰ্যবাহী অভিযন্তা পুলক দাস, সহকাৰী অভিযন্তা কৃষ্ণ দাস, পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সম্পাদক ৰবীন দৈমাৰী, ৰাণী উন্নয়ন খণ্ডৰ সভাপতি পৰমেশ্বৰ বৰ্মণ, কামৰূপ জিলা অগপৰ সম্পাদক পৰেশ বৰুৱা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।