গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহব, এই দাবী তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰাৰ। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ একাংশ বিধায়কে শিৱ সেনাৰ উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰৰ পতনৰ অংকৰে বাহৰ পাতিছে গুৱাহাটীৰ তাৰকা হোটেল ৰেডিছন ব্লুত।
শিৱ সেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্ধে বৰ্তমান সময়ত দলৰ প্ৰায় ৩৮ গৰাকী বিধায়কক লগত লৈ বাহৰ পাতিছে গুৱাহাটীত। তদুপৰি মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ কুছকাৱাজো চলিছে গুৱাহাটীত। তেনেক্ষেত্ৰতেই ক্ষোভিত হৈছে বিৰোধী দল তৃণমূল কংগ্ৰেছৰ অসমৰ নেতৃত্ব।
মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যৰ মুৰব্বী ৰিপুণ বৰাৰ নেতৃত্বত অহা দলটোৱে ৰেডিছন ব্লু হোটেলৰ সন্মুখত ধৰ্ণা দি কয় যে, যি সময়ত অসমৰ ৩০খন জিলাৰ ৰাইজে বানত ককবকাই আছে, সেই সময়ত বিধায়ক কিনা–বেচাৰ ৰাজনীতিৰ লগত অসমৰ ৰাজনৈতিক নেতাসকল ব্যস্ত হৈ থকাটো অসমৰ বাবে দুৰ্ভাগ্যজনক।