নামনি অসমত বৰ্তমান হিন্দুসকল সংখ্যালঘূ হৈ পৰিছে, তাৰ পৰিৱৰ্তে বাঙালী হিন্দুসকল সংখ্যাগৰিষ্ঠ হৈ পৰাৰ দাবী কৰিছে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। আৰু সেই কথাত বিধায়কগৰাকী যথেষ্ট উদ্বিগ্ন হৈ পৰি তেওঁ সাংবাদিকৰ সন্মুখত কয় যে, “বৰপেটাকে ধৰি অসমৰ ১০ খন জিলাত হিন্দুসকল সংখ্যালঘু হৈ পৰিছে। বাঙালী মুছলমানসকল ইয়াত সংখ্যাগৰিষ্ঠ হৈ পৰিছে। এই জিলাসমূহৰ হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়া উচিত। বৰপেটাৰ পিৰলা সত্ৰ নিশ্চিহ্ন হৈ গৈছে। বঙালী মুছলমানৰ দ্বাৰা দখল কৰা ১০১ বিঘা ভূমি”।