সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান লাভ কৰি গুৱাহাটী মহানগৰীৰ জাতীয় বিদ্যালয়, কাহিলীপাৰা আৰু পশ্চিম গুৱাহাটীৰ নতুন দক্ষিণগাঁওৰ কনকলতা পথলৈ গৌৰৱ কঢ়িয়াই অনা উপকূল পৰাশৰক নিজ গৃহত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জাপি, গামোচা , ফুলৰ থোপাৰে বিপুল সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে মুঠ ৫৯০ নম্বৰ লাভ কৰা উপকূল পৰাশৰ ফাৰ্মাচিষ্ট মদন শৰ্মা আৰু একেখন বিদ্যাল়য়ৰ শিক্ষয়িত্ৰী মৃণালিনী শৰ্মাৰ দ্বিতীয় তথা কনিষ্ঠ পুত্ৰ।
সম্বৰ্দ্ধনা জনোৱাৰ সময়ত পিতৃ – মাতৃৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ বিজু মেধি, অগপ দলৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ মেধি, সম্পাদক নকুল কলিতা, বিনোদ গগৈ, মাধৱ দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে বিধায়ক কলিতাই উপকূল পৰাশৰৰ উজ্জ্বল শৈক্ষিক ভবিষ্যত কামনা কৰি আগন্তুক দিনত ইয়াতকৈও উৎকৃষ্ট প্ৰদৰ্শনৰে নিজৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।