মহানগৰীৰ পশ্চিম প্ৰান্তৰ গড়ল গাওঁ পঞ্চায়তৰ অধীনত অলপতে কেবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উল্লেখ্য যে পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বর্ষৰ দ্বিতীয় কিস্তিৰ ধনেৰে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে ভিতৰত চাৰি লাখ পঞ্চাশ হেজাৰ টকা ব্যয় সাপেক্ষে গড়ল কালী মন্দিৰৰ সমীপত খোৱাপানী যোগান আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ, ভক্তবৰী গাওঁৰ অমূল্য ঠাকুৰীয়াৰ ঘৰৰ পৰা দ্বীপেন বৰুৱাৰ ঘৰহৈ কালমণি নদীলৈ ১০ লাখ ৫০ হেজাৰ ৯২১ টকা ব্যয় সাপেক্ষে পানী পৰিবাহী নলা নিৰ্মাণ আৰু ৭ লাখ টকা ব্যয় সাপেক্ষে ১৮৪ নং পূব গড়ল অঙ্গনাৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰি বিধায়ক কলিতাই পৰৱৰ্তী সময়ত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজৰ হকে আন কেবাটাও উন্নয়নমূলক কামৰ আঁচনি ইতিমধ্যেই গ্ৰহণ কৰা হৈছে বুলি ভাষণ প্ৰসংগত সদৰী কৰে।
অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যবেক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা, ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আজিজা স্বাবেণুৰ বেগম , গড়ল গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মণ, কণিষ্ঠ অভিযন্তা সঞ্জীৱ দাস, পঞ্চায়ত সচিব ফজনুল হক, অগপৰ কামৰূপ জিলাৰ সম্পাদক পৰেশ বৰুৱা, গড়ল তালুকৰ সভাপতি অখিল চন্দ্ৰ বৈশ্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰেন দাস উপস্থিত থাকে।