ভাৰতৰ নিৰ্বাচনী আয়োগে তিনিদিন পূৰ্বে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি সমূহৰ সীমা সাল -সলনিকে ধৰি পুনৰ গঠন সম্পৰ্কীয় খচৰা তালিকা প্ৰকাশৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক – অৰাজনৈতিক দল – সংগঠন সমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। শাসকীয় বিজেপি দলে ইতিমধ্যে এই খচৰাক আদৰণি জনোৱাৰ লগতে ইয়াক খিলঞ্জীয়াৰ ৰক্ষা কবচ বুলিও অভিহিত কৰিছে । অৱশ্যে ইয়াৰ মাজতে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল অগপৰ জেষ্ঠ্য নেতা আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিটো বিলুপ্ত কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
তেনেদৰে পশ্চিম গুৱাহাটী সমষ্টিটোৰ নামটো বিলুপ্ত কৰি নামটো চেণ্ট্ৰেল গুৱাহাটী কৰাৰ কাৰ্যত আক্ষেপ প্ৰকাশ কৰিছে অগপ দলৰ বিধায়ক আৰু দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিধায়ক কলিতাই পূৰ্বৰ দৰে সমষ্টিৰ নামটো পশ্চিম গুৱাহাটী বাহাল ৰখাৰ বাবে অনুৰোধ জনায় দলৰ সমষ্টি নিৰ্ধাৰণ কমিটিৰ আহ্বায়কৰ জৰিয়তে দলৰ সভাপতি অতুল বৰাক আজি এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত বিধায়ক কলিতাই ঊল্লেখ কৰিছে যে ভাৰতৰ নির্বাচনী আয়োগে সমষ্টি সীমা নির্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। এই খচৰাত পশ্চিম গুৱাহাটী সমষ্টিটো বিলুপ্ত কৰাত অত্যন্ত দুখ অনুভৱ কৰিছো। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যেতিয়া ভাৰতবৰ্ষই গণতান্ত্রিক দেশ হিচাপে মর্যাদা লাভ কৰিলে আৰু অসমত নির্বাচন অনুষ্ঠিত কৰিলে, তেতিয়াৰ পৰাই পশ্চিম গুৱাহাটী সমষ্টি হিচাপে নামকৰণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে।
কিন্তু হঠাতে ৰাইজৰ আৱেগ অনুভূতিৰ কথা উপলব্ধি নকৰি পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটাই চেণ্ট্ৰেল গুৱাহাটী নামেৰে নামকৰণ কৰি সমষ্টিটোৰ খচৰা প্ৰকাশ কৰিলে। মই অনুৰোধ কৰো যে— ৰাইজৰ আৱেগ-অনুভূতিৰ কথা চিন্তা কৰি আগৰ নামটোৱেই বাহাল ৰাখি এতিয়া প্ৰকাশ পোৱা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কিছু অঞ্চল সাল-সলনি কৰি চূড়ান্ত কৰিলে ৰাইজৰ ক’বলগীয়া একো নাথাকিব। সমষ্টি সীমা নির্ধাৰণৰ ক্ষেত্ৰত Contiguity ও follow কৰা হোৱা নাই। বৰ্তমানৰ খচৰাত প্ৰকাশ পোৱা অনুযায়ী ২২ নং, ২৪ নং আৰু ৪৩ নং ৱাৰ্ড কেইটা দিছপুৰ সমষ্টিৰ সলনি চেণ্ট্ৰেল গুৱাহাটীতহে থাকিব লাগিছিল। ইফালে ৩১, ৩২ নং ৱাৰ্ড দুটা চেণ্ট্ৰেল গুৱাহাটীৰ পৰা নিউ গুৱাহাটীত থাকিব লাগিছিল আৰু তেতিয়া সমষ্টি ৰক্ষা কৰা হ’লহেঁতেন। অৱশ্যে এই পত্ৰ অনুসৰি দলৰ সভাপতি আৰু অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই অহা মাহত অসমলৈ আহিবলগীয়া নিৰ্বাচনী আয়োগৰ সজাতি দলৰ আগত পশ্চিম গুৱাহাটীৰ নামটো বাহাল ৰখা সন্দৰ্ভত কি আৰ্জি প্ৰকাশ কৰে সেয়া লক্ষণীয় হব ।