পশ্চিম গুৱাহাটী সমষ্টিৰ ঐতিহাসিক বৰহেৰামদো সত্ৰখনক ন ৰূপ দিয়াৰ বাবে শেহতীয়াভাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ইয়াৰ অংশ হিচাপে ৮ এপ্ৰিলত ২০২০ – ২১বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া বৰহেৰামদো সত্ৰৰ কাৰ্যলয়ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত অসমৰ সমাজ জীৱনত মহাপুৰুষ দুজনাই স্থাপন কৰি যোৱা সত্ৰসমূহৰ অৱদানৰ ওপৰত আলোকপাত কৰি পশ্চিম গুৱাহাটীৰ সকলো ঐতিহাসিক সত্ৰকে নতুন ৰূপ দি তাক পৰ্যটনৰ থলীলৈ উন্নীতকৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হব বুলি ব্যক্ত কৰে।
অনুষ্ঠানত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, অগপৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা,পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, অগপৰ ৰাণী আঞ্চলিকৰ সভাপতি মনোৰঞ্জন দাস বড়ো, সমাজসেৱক পৰাণ শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট লোক, সত্ৰখনৰ সৈতে জড়িত ভকত – বৈষ্ণৱ আৰু অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে।