”মোডী@২০ ডিমছ মিট ডেলেভাৰী” শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত উন্মোচনী অনুষ্ঠান কেইবাগৰাকীও বিশিষ্ট অতিথিৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুুষ্ঠিত হয়। গ্ৰন্থখনৰ উন্মোচক হিচাপে নিমন্ত্ৰণ কৰা হৈছে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, বিশিষ্ট চিকিৎসক ডা০ ইলিয়াছ আলী, বিশিষ্ট শিল্পী অংগৰাগ পাপন মহন্ত, বক্সাৰ লাভলীনা বৰগোহাঁই, দৌৰবিদ হিমা দাস, দৌৰবিদ অম্লান বৰগোহাঁইক।
Live: State wide launch of "Modi @20: Dreams Meet Delivery" from Srimanta Sankardeva Kalakshetra,Guwahati https://t.co/6gNkuuBGWo
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 25, 2022
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু আৰু এক্সিছ বেংক ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালক সঞ্চালক প্ৰদীপ গুপ্তাও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ৰূপা পাব্লিকেশ্যনে প্ৰকাশ কৰা ব্লু কাফ্ট ডিজিটেল ফাউণ্ডেশ্যনে সম্পাদনা আৰু সংকলিত কৰা এই গ্ৰন্থখনত যোৱা ২০টা বছৰত গুজৰাট আৰু ভাৰতত হোৱা উন্নয়নৰ আলোকপাত কৰা হৈছে। ২০২১বৰ্ষত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হিচাপে মোডীয়ে ২০টা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰকাশ কৰা গ্ৰন্থখনত আগকথা লিখিছিল লতা মংগেশকাৰে। এই গ্ৰন্থখনত সন্নিৱিষ্ট লিখাসমূহ লিখিছে- পি ভি সিন্ধু, সোবনা কামিনেমি, সুৰজিত এছ ভাল্লা, আমিশ ত্ৰিপাঠী, অমিত শ্বাহ, প্ৰদীপ গুপ্তা, অনন্ত নাগেশ্বৰন, অৰবিন্দ পানাগৰিয়া, শমিকা ৰবি, উদয় এছ কোটাক, অজয় মাথুৰ, অনুপম খেৰ, অশোক গুলাটি, ডাঃ দেৱী শেট্টি, নন্দন নিলেকানি, নৃপেন্দ্ৰ মিশ্ৰ, সদগুৰু, সুধা মূৰ্তি,. অজিত ডোভাল কে চি, মনোজ লাড়ৱা, ভাৰত বাবাই, এছ জয়শংকৰে।