দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা প্ৰতিবাদলৈ আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ যোজনা বাতিল নহয় বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে যোৱা ১৯ জুনত অগ্নিপথৰ অধীনত বায়ুসেনাৰ নিযুক্তিৰ বাবে প্ৰথম পদ মুকলি কৰা হৈছিল। যোৱা ২৪ জুনৰ পৰা বায়ুসেনাৰ নিযুক্তিৰ বাবে ইচ্ছুক নিযুক্তি প্ৰত্যাশীসকলৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল বায়ুসেনাই।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এক টুইট যোগে ঘোষণা কৰা মতে নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে যোৱা ছয় দিনত ১.৮৩ লাখৰো অধিক যুৱক-যুৱতীয়ে বায়ুসেনাত নিযুক্তিৰ বাবে আবেদন জনাইছে।
উল্লেখ্য যে বায়ুসেনাৰ নিযুক্তিৰ বাবে যোৱা ২৪ জুনৰ পৰা নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু অহা ৫ জুলাইলৈকে আবেদন প্ৰক্ৰিয়া মুকলি থাকিব। ইয়াৰ পিছত ২৪ জুলাইত বায়ুসেনাৰ নিযুক্তিৰ বাবে মুকলি কৰা পদসমূহ পূৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইফালে বায়ুসেনাৰ পাছতে জুলাই মাহতে স্থলসেনা আৰু নৌ সেনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল।