অসমৰ পাঁচটা লোকসভা সমষ্টিকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ ১১২ টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট সামগ্ৰিক ভাবে শান্তিপূৰ্ণ পৰিবেশত সম্পন্ন হৈ যায়। ইয়াৰ মাজতে বিগত বৰ্ষ সমূহৰ দৰে ১৯ এপ্ৰিলতো পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ড এলেকাৰ দহখনৰো অধিক গাঁওৰ প্ৰায় তিনি হাজাৰ ভোটাৰে মেঘালয়ত অনুষ্ঠিত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰে। বিশেষকৈ শ্বিলং লোকসভা সমষ্টিৰ অন্তৰ্গত জিৰাং বিধানসভা সমষ্টিত ভোটদান কৰে। তাৰ ভিতৰত অসম – মেঘালয় সীমান্তৰ শালশেৰ পাটগাও, ৰাণীবাৰী বিলপৰা, ভালাখাৱাৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে ১নং ৰাণীবাৰী ভোটকেন্দ্রত। বিয়লিৰ ভিতৰত তাত ভোটদানৰ হাৰ ৮০℅ হৈছিল। ৰিভয় জিলাৰ জিৰাং সমষ্টিৰ এই ১নং ৰাণীবাৰী ভোটকেন্দ্রত মুঠ ভোটাৰৰ সংখ্যা আছিল ১২০০ জন। তেনেদৰে কিছু নিলগৰ লুংখুং ভোটকেন্দ্রত মুঠ ভোটাৰৰ সংখ্যা আছিল ৯০৭ জন। উমশ্ৰু ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা আছিল ৬৬০ জন।
আনহাতে ৰাণী বজাৰৰ সমীপত থকা ৰাণী ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা আছিল ৬০০ জন। চাৰিওটা ভোট গ্ৰহণ কেন্দ্ৰ ক্ৰমে – গণপতি, ৰাণী – মৈৰাপুৰ, বাখালাপাৰা, কুন্দিল নগৰ, জিমিৰিগাও, উমশ্ৰু, জিমিৰগাঁও, শালসেৰ, ভালাখোৱা, ৰাণীবাৰী, বিলপাৰ, লংচাই, লুংখু , বাতাবাৰী আদি গাওঁৰ ভোটাৰ ৰাইজে মেঘালয়ৰ জিৰাং বিধানসভা সমষ্টিত আৰু অসমত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত ভোটদান কৰি আহিছে।