ভাৰতত প্ৰায় ১২ হেজাৰৰো অধিক বেচৰকাৰী সংগঠনে হেৰুৱাইছে বিদেশী পুঁজিৰ অনুজ্ঞাপত্ৰ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে, নৱীকৰণৰ বাবে বেচৰকাৰী সংগঠনসমূহলৈ আবেদন পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও সংগঠন সমূহে ইয়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল৷ গৃহ মন্ত্ৰালয়ে মাদাৰ টেৰেছা মিছনেৰীজ অব্ চেৰিটিৰ বাবে অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰি জনাই যে, বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ অধীনত অনুজ্ঞাপত্ৰ থাকিলে বিদেশৰ পৰা পুঁজি পাবলৈ সক্ষম হ’ব পাৰে৷
অলপতে, দেশত ৬ হাজাৰতকৈও অধিক বেচৰকাৰী সংগঠন আৰু অন্যান্য সংগঠনৰ ম্যাদ ৰাতিটোৰ ভিতৰতে উকলি গৈছিল। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই কৈছে যে ৬,০০০ বেচৰকাৰী সংগঠন বা সংগঠনৰ বেছিভাগেই তেওঁলোকৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে আৱেদন কৰা নাছিল৷ সামগ্ৰিকভাৱে, অক্সফাম ইণ্ডিয়া ট্ৰাষ্ট, জামিয়া মিলিয়া ইছলামিয়া, ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন আৰু কুষ্ঠ মিছনকে ধৰি ১২,০০০তকৈও অধিক বেচৰকাৰী সংগঠনে অনুজ্ঞাপত্ৰ হেৰুৱাইছে, যাৰ অনুজ্ঞাপত্ৰ বিগত কেইমাহমানত উকলি গৈছে৷ তালিকাখনত আছে ভাৰতীয় যক্ষ্মা সংস্থা, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আৰু ইণ্ডিয়া ইছলামিক সাংস্কৃতিক কেন্দ্ৰ ইত্যাদি বেচৰকাৰী সংগঠনো৷ ভাৰতত এতিয়া মাত্ৰ ১৬,৮২৯ টা বেচৰকাৰী সংগঠনৰহে এতিয়াও এফচিআৰএ অনুজ্ঞাপত্ৰ আছে।