লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো ইটো ৰাজনৈতিক দলৰ পৰা সিটো ৰাজনৈতিক দলত নেতা – কৰ্মীৰ যোগদানৰ যেন ধুম উঠিছে। এইক্ষেত্ৰত সকলোতকৈ আগত আছে বিজেপি দল। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন কৰিব বুলি কেবাটাও ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰচাৰ হোৱাৰ পাছতে আন দলৰ পৰা বিজেপি দলত যোগদানৰ ধাৰা অব্যাহত আছে।
এই ধাৰা অব্যাহত ৰাখি গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁৱত শনিবাৰে পৱিত্ৰ ৰমজান মাহ চলি থকা স্বত্বেও অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, কংগ্ৰেছ দলৰ তিনি শতাধিক মুছলমান মহিলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিজেপি দলৰ নীতি – আদৰ্শত বিশ্বাস ৰাখি দলটোত যোগদান কৰে। এই উপলক্ষে গঙ্গালয় বিবাহ ভৱন চৌহদত বিজেপিৰ গুৱাহাটী বিশ্ববিদ্যালয মণ্ডলৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা সংখ্যালঘু মৰ্চাৰ সহযোগত আয়োজিত বিশাল যোগদান সভাত দলত নতুনকৈ যোগদান কৰা সকলক দলীয় প্ৰতীকযুক্ত টুপী পিন্ধাই আদৰণি জনায় ক্ৰমে – বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, ৰাজ্যিক কাৰ্যনিৰ্বাহক অশোক কুমাৰ ভৰালী , জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি টি ৰাজীৱ আহমেদ, সাধাৰণ সম্পাদক মইনুল ইছলাম, বিশ্ববিদ্যালয় মণ্ডল সমিতিৰ সভাপতি সিদ্ধেশ্বৰ কলিতা, সাধাৰণ সম্পাদক মনোজ দাস, দেৱজিৎ ৰাজবংশী, মণ্ডল সমিতিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চিৰাজুল হক, উপ সভাপতি ফাইজুৰ ৰহমান, সম্পাদক জয়নাল হক ( জয়), আজিজুৰ ৰহমান, মহচেন আলী, জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ মুন বৈশ্য, বিজেপি নেতা মনোজ দাস আদিয়ে।
আনহাতে দলত নতুনকৈ যোগদান কৰা সকলক আদৰণি জনাই চমু ভাষণত তপন চন্দ্ৰ দাস আৰু হেমন্ত চৌধুৰীয়ে আটাইকে চৰকাৰৰ জনমুখি আঁচনি আৰু উন্নয়নৰ অংশীদাৰ হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক কিদৰে অধিক ভোটত বিজয়ী কৰিব পাৰি তাৰ বাবে হাতে – কামে নামি পৰিবলৈ আহ্বান জনায়। ইফালে ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰা সভাখন ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি মৰা হয়।