ৰাজ্য চৰকাৰে শুকুৰবাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৰাজ্যৰ প্ৰশাসনৰ যথেষ্ট সংখ্যক বিষয়াক পদোন্নতিৰ লগতে বদলি কৰিছে। ৰাজ্যৰ মুঠ ৭৩ গৰাকী ACS বিষয়াক ৰাজ্য চৰকাৰে বদলি কৰাৰ লগতে ইয়াৰে বহু কেইজনক পদোন্নতি দিছে।
পদোন্নতি লাভ কৰা এ চি এছ বিষয়াসকলৰ বহু সংখ্যকেই ২০১৫ চনৰ ACS। এইসকল ACS বিষয়াক অতিৰিক্ত উপায়ুক্ত পদলৈ পদোন্নতি দি বদলি কৰাৰ লগতে একাংশ অতিৰিক্ত উপায়ুক্তক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰা হৈছে।
পদোন্নতি লাভ কৰা বিষয়াসকলৰ মাজত আছে, সতিশ চন্দ্ৰ তালুকদাৰ, জিতু কুমাৰ বৰ্মন, দিপ্তী মৰাং, দিনচেংফা বৰুৱা, মিতালী লহকৰ, মঞ্জুৰ ইলাহী বৰলভূঞা, শৌৰ্য শৰ্মা, ভাস্কৰ জ্যোতি ৰাজবংশী, বনী ইনাম, বিৰাজ বৰুৱা, নন্দিতা হাজৰিকা, অনুৰাগ ফুকন, সংঘমিত্ৰা বৰুৱা, সংঘমিত্ৰা ভাগৱতী, মুনম্মী কলিতা, মৃণাল বৰা, ত্ৰিদীপ ৰয়, তনভী আহমেদ, ৰাকেশ চেত্ৰী, মনসুৰ আহমেদ মজুমদাৰ, যুৱৰাজ বৰঠাকুৰ, অজিত কলিতা, জেনিফাৰ ইয়াছমিন চৌধুৰী, ধীৰাজ কুমাৰ জেইন, দৰ্শন চেতীয়া, ৰশ্মী ৰেখা দেৱী, মগেন নৰহ, সপ্ততি ইনড, জুণ্টি ডেকা, ধৃতিমান দাস, অন্তৰিপা দৈমাৰী, ড০ হীতেশ মজুমদাৰ, বিজিতা ডেকা, ধ্ৰুৱজ্যোতি হাতী বৰুৱা, বৃষ্টিৰ্ণ বৰুৱা, সুকন্যা বৰা, ডিম্পল বৰুৱা, আশুতোষ ডেকা, আদিত্য গগৈ, আকাশী দুৱৰা, দিপান বৰ্মন, প্ৰাঞ্জল প্ৰতিম কোঁৱৰ, কল্যাণী কংকনা দাস, অন্তৰা গগৈ, অভিজিত গগৈ, ৰাকেশ ডেকা, ৰাজ বৰুৱা, সঞ্জীৱ কুমাৰ ফুকন, গীতাশ্ৰী লাচিত, মানস জ্যোতি নাথ, সুদীপ নাথ, ৱাদিওল ইছলাম, মৃদুস্মিতা বৰা, সুজাতা গগৈ, বিশ্বজিত শইকীয়া, মন্দিৰা বৰুৱা, বিক্ৰম চেত্ৰী, ৰক্তিম বুঢ়াগোহাই, মণিকা বৰা, সংগীতা বৰঠাকুৰ, সুভ্ৰম আদিত্য বৰা, কুকিলা গগৈ, আবুল কালাম, বেনু মুছাহাৰী, জগদীশ বৰ্মন,।
আনহাতে অতিৰিক্ত উপায়ুক্ত হৰী চৰন ভক্ত, অনচুলা বসুমতাৰী, ৰঞ্জিত কোঁৱৰ, ড০ খালেদা চুলতানা আহমেদ, ৰিংকন মছাহাৰী, প্ৰদীপ কুমাৰ গুপ্তা আৰু মুন্মী শইকীয়াক বদলি কৰা হৈছে।