অসম চৰকাৰৰ উদ্যোগত ২৩ ডিচেম্বৰত হৈ যোৱা নিয়োগমেলাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল বিতৰ্কৰ৷ এই নিয়োগমেলাৰ দ্বাৰা চৰকাৰে কোটি কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰি আছাম পাব্লিক ৱৰ্কছে আজি এক সংবাদমেল সম্বোধন কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধন ব্যয় কৰা দেখুৱাবলৈ নিয়োগমেলা পতা হৈছিল বুলি অভিযোগ তুলিছে APWয়ে৷
নিয়োগমেলাত সৃষ্টি হোৱা বেমেজালিৰ বাবে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুজন বিষয়াক নিলম্বন কৰিয়েই দায়িত্ব সামৰা বুলি উল্লেখ কৰে APWD ৰ সভাপতি অভিজিৎ শৰ্মাই। কেন্দ্ৰীয় চৰকাৰৰ কৌশল বিকাশ, দক্ষতা বিকাশ আদি আঁচনিৰ নামত ১২০০ কোটি টকা আবণ্টন পাইছিল ৰাজ্য চৰকাৰে৷ ইয়াৰে ‘ASDM’-এ লাভ কৰিছিল ৪৮৭ কোটি টকা৷ ‘assam building and others construction workers board’-এ ২০১৮বৰ্ষত যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ নামত ৭৫কোটি টকা লাভ কৰিছিল৷ কিন্তু প্ৰশিক্ষণৰ নামত ভেকোভাওনা চলাই আবণ্টিত চৰকাৰী ধনৰ লুণ্ঠন চলালে বুলি অভিযোগ উত্থাপিত কৰে সংবাদ মেলত।
তদুপৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত বিশেষ কেইটামান গোষ্ঠীয়ে ছিণ্ডিকেট চলাই অহাৰো অভিযোগ তোলে সংগঠনটোৱে৷ ‘ASDM’ৰ তদানীন্তন MD আনন্দ প্ৰকাশ তিৱাৰীৰ দিনতে সংঘটিত হৈছিল এই ৪৮৭ কোটিটকীয়া বিত্তীয় খেলিমেলি৷ কিন্তু মন্ত্ৰী পাটোৱাৰীৰ বিভাগে এই ধনৰাশি সঠিক ব্যৱহাৰৰ হিচাব এতিয়াও দিবলৈ সক্ষম নোহোৱাৰ কথা জানিবলৈ দিয়ে৷