গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দল আৰু প্ৰাৰ্থীসকলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আনহাতে শাসকীয় অগপ – বিজেপি মিত্ৰজোঁটৰ তিনিগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ পাছত এতিয়া ৫৭ টা ৱাৰ্ডতহে নিৰ্বাচন অনুষ্ঠিত হব। ইফালে মিত্ৰজোঁটে ৬০ খনৰ ৬০ খনতে জয়লাভৰ লক্ষ্যৰে নিৰ্বাচন খেলা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, অগপৰ সাধাৰণ সম্পাদক আৰু নিৰ্বাচনৰ দায়িত্ববাহী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঘোষণা কৰাৰ পাছত ৰাজনৈতিক পৰ্যবেক্ষক মহলে নিৰ্বাচনটো অধিক আকৰ্ষণীয় হৈ পৰিব বুলি ব্যক্ত কৰিছে।
ইয়াৰ মাজতে ৬ এপ্ৰিলত মহিলাৰ বাবে সংৰক্ষিত ১০ নং ৱাৰ্ডত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কল্পনা দাসৰ বৰাগাঁও চকত মুখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে অনুষ্ঠিত অনুস্থানত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা দাস, বিজেপিৰ পশ্চিম গুৱাহাটী মণ্ডল কমিটিৰ সভাপতি দেৱজিৎ ৰাজবংশী, উপ-সভাপতি হৰমোহন ডেকা, সম্পাদক অৰূপ কলিতা, চিন্ময় শৰ্মা, চম্পক সাহা, ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনির্বাহক জুৱলী পদ্দাৰ বৈশ্য, সঞ্জীৱ সমৰ ডেকা, অগপ নেতাদ্বয় প্ৰবীণ হাজৰিকা আৰু সুনীল ডেকা, কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মাৰ উপৰি বলেন দাস, বিশ্বমিত্র দাস, প্ৰাক্তন কাউঞ্চিলৰ ব্ৰজেন দাস, অগপ – বিজেপি দুয়োটা দলৰে মণ্ডল, বুথ পৰ্যায়ৰ ভালেসংখ্যক কর্মকর্তা উপস্থিত থাকে। সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা দাসক বিপুল ভোটত বিজয়ী কৰাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়।