৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন। দেশৰ ৫খন ৰাজ্যত হৈ থকা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে এয়া অসমৰ বিৰোধীৰ বাবে শক্তি পৰীক্ষাৰ আন এক সুযোগ। নিৰ্বাচন প্ৰক্ৰিয়া চলি থকা উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, পাঞ্জাৱ আৰু মণিপুৰ সকলোতে বিজেপি বিৰোধীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
আনহাতে, অসমত পৌৰসভা নিৰ্বাচনl ৰাজ্যৰ মুঠ ৯৭৭টা পৌৰ ৱাৰ্ডৰ ৬০টাতে বিজেপি প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। অৰ্থাৎ অসমত বিৰোধী প্ৰাৰ্থীয়েই নাই। উল্লেখ্য যে, গুৱাহাটী, লামডিং আৰু চতিয়া এই তিনিখন পৌৰসভাত বিজেপিয়ে নিৰ্বাচনৰ আগতেই শাসনৰ বাবে প্ৰয়োজনীয় সংখ্যাৰ শক্তি আহৰণ কৰিলে৷ তিনিওখন পৌৰসভাৰ ১০টা বা ততোধিক ৱাৰ্ডৰ ৭টাতে বিজেপি প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে৷
কংগ্ৰেছৰ দুই শীৰ্ষ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ সমষ্টিতে কংগ্ৰেছে আটাইবোৰ ৱাৰ্ডত প্ৰাৰ্থী থিয় কৰাব পৰা নাই।
বিভিন্ন ৰাজ্যত বিজেপিৰ বিৰুদ্ধে বিৰোধী জাগি উঠিছে৷ উত্তৰ প্ৰদেশত অখিলেশ যাদৱ আৰু প্ৰিয়ংকা গান্ধী, উত্তৰাখণ্ডত হৰিশ ৰাৱাট, পাঞ্জাৱত চৰণজিৎ চান্নি আৰু ভগৱত মানৰ দৰে নেতাই ভোটাৰক বিকল্প দিছে৷ কংগ্ৰেছৰ লগতে উত্থান ঘটিছে সমাজবাদী পাৰ্টি, আপ আদি দলৰ।
আনহাতে, অসমত কংগ্ৰেছ নেতা কৰ্মীৰ মাজত ভাঙোনহে অহা পৰিলক্ষিত হৈছে, লগতে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ সাংগঠনিক ভিত্তিও মজবুত নহয় ৷ মুঠৰ ওপৰত পৌৰ নিৰ্বাচনত বিৰোধী দলসমূহে বিজেপিক এক অনানুষ্ঠানিক ৱাকঅ’ভাৰ দিবলৈ গৈ আছে।