ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সতৰ্ক কৰি দিছে যে, যি কোনো মূল্যৰ বিনিময়ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক জয়ী কৰি পঠিয়াব লাগে। যদি কোনোবাই বিশ্বাসঘাটকতা কৰে তেনেহলে মুকলিকৈ তেওঁ জবাবদিহি হ’ব লাগিব।
বেলট পেপাৰত যিহেতু কমিট নম্বৰ থাকিব কোনো কাক ভোট দিলে সেয়া ওলাই পৰিব। বিজেপি আৰু এআইইউডিএফৰ নেতৃত্বৰ মাজত চলা বাকযুদ্ধ সন্দৰ্ভতো অখিল গগৈয়ে কয় যে,এনেধৰণৰ কৰ্মকাণ্ড দুয়ো পক্ষৰ বাবে গ্ৰহণযোগ্য নহয়।
আনহাতে, এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে দাবী কৰে যে ৰাজ্যসভা নিৰ্বাচনত তেওঁলোকে ৰিপুন বৰাকে ভোটদান কৰিব। বিজেপিক সহায় কৰিবলৈ ভূপেন বৰাই এআইইউডিএফক আক্ৰমণ কৰা বুলি অভিযোগ কৰিলে এআইইুডিএফৰ আন এগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞাই।