আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ দুয়োখন ৰাজ্যৰ মাজত বন্ধুত্ব আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থ জড়িত কেইবাটাও বিষয়ত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকতে দুয়োখন ৰাজ্যৰ মাজত উমৈহতীয়া বিকাশ আৰু জনকল্যাণমূলক প্ৰকল্পসমূহ অব্যাহত ৰখাৰ স্বাৰ্থত আন্তঃৰাজ্যিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
আজিৰ এই বৈঠকত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’,উপ-মুখ্যমন্ত্ৰী ৱাই পেটনৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙো উপস্থিত আছিল।