গুৰুজনাৰ নীতি আদর্শ তথা সৃষ্টিৰাজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৩০ চনত জন্ম হোৱা অৰাজনৈতিক , ধৰ্মীয়, শিক্ষা, সংস্কৃতিৰ আধ্যাত্মিক অনুষ্ঠান শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিবেশনখনি অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। অধিৱেশনৰ বাবে নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ প্ৰায় সাজু হৈ উঠিছে। কলিয়াপানী আৰু চাচনীক সাঙুৰি প্ৰায় ১২০০ বিঘা মাটিত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাথোঁ ২টা দিন বাকী।
এইবাৰৰ অধিৱেশনৰ বিশেষত্ব ৰূপে অভিহিত হোৱা দুটা বিশেষ বঁটা ২৭ ফেব্ৰুৱাৰীত মুকলি সভাত প্রদান কৰা হ’ব। এই সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই জনাইছে যে, সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ সাহিত্য, সংস্কৃতি,প্ৰচাৰ ,সংগঠন আৰু যুৱ উৎকৰ্ষতা ক্ষেত্ৰত সেৱা আগবঢ়াই থকা বিভিন্নজনলৈ মুঠ ১৩ টা বঁটা অধিবেশনস্থলিত প্ৰদান কৰা হব।
ইয়াৰে বৈষ্ণৱ পণ্ডিত সাহিত্যিক “শশী চন্দ্ৰ বৰবৰুৱা” বঁটা গুৱাহাটীৰ কৈলাস দাসক প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব অংগবস্ত্ৰ , শৰাই গ্ৰন্থৰ টোপোলা আৰু ১ লাখ টকাৰ মাননি। তদুপৰি শ্ৰীমন্ত শংকৰদেৱ জন্মদাতা “ৰমাকান্ত মুক্তিয়াৰ আতা বঁটা” মৰণোত্তৰ ভাবে ধুবুৰীৰ চন্দ্ৰ কিশোৰ ভকত লৈ আগবঢ়োৱা হৈছে। এই বঁটাটো থাকিব অংগবস্ত্ৰ, শৰাই, পঞ্চাশ হাজাৰ টকাৰ মাননি আৰু গ্ৰন্থৰ টোপোলা।