নমস্তে ট্ৰাম্পৰ ফল ভুগিছে ভাৰতবাসীয়ে। এই অনুষ্ঠানটোৰ পৰাই সমগ্ৰ দেশত অতি ভয়ংকৰভাৱে বিয়পিবলৈ পালে ক’ৰোনা- এই অভিযোগ এন চি পিৰ নেতা নবাব মালিক অক্সৰেৰ।
প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈয়ে নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি মালিকে কলে- এই ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে দায়ী হৈছে নমস্তে ট্ৰাম্প। আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কৈছিল যে, ক’ৰোনা সংক্ৰমণ নহয়।
মালিকে লগতে কয়- আহমেদাবাদত নমস্তে ট্ৰাম্পৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ মাতি ক’ৰোনা বিলোৱা হল সমগ্ৰ ভাৰতত।