জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ অলপতে জুৰীয়াত সমূহীয়া নামাজ আৰু দোৱা আয়োজন কৰা আয়োজক মণ্ডলীৰ বিৰুদ্ধে জুৰীয়া থানাত এজাহাৰ দাখিল কৰে এ আই ইউ ডি এফৰ বিধায়কজনে৷ বিধায়ক আমিনুল ইছলামৰ হৈ তেওঁৰ প্ৰতিনিধিয়ে জুৰীয়া থানাত দাখিল কৰে এজাহাৰ৷ চৌদিআৰবৰ মদিনাৰ ইমামক সমূহীয়া নামাজলৈ আহিব বুলি ভূৱা প্ৰচাৰ চলোৱাৰ অভিযোগ কৰিছে বিধায়ক আমিনুল ইছলামে।
উল্লেখ্য যে, মদিনাৰ ইমাম উপস্থিত নোহোৱাক লৈ জুৰীয়াত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি। উত্তেজিত লোকে মঞ্চ, চাউণ্ড চিচটেম আদি ভাঙি লণ্ড ভণ্ড কৰিছিল ৷ বিধায়কগৰাকীৰ সন্মতি নোলোৱাকৈ আয়োজক সমিতিয়ে তেওঁক পৃষ্ঠপোষক হিচাপে ৰাখি প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
আয়োজক সমিতিৰ এই কাৰ্যই বিধায়ক আমিনুল ইছলামৰ ভাৱমূৰ্তিত আঘাত হনা বুলি ব্যক্ত কৰে বিধায়কজনে। লগতে আয়োজক সমিতিয়ে গুজৰাটৰ এজন লোকক ধিং গাঁৱলৈ আনি টাইফ চহৰৰ ইমাম বুলি শুক্ৰবাৰে নিশা প্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰা বুলিও আমিনুল ইছলামে অভিযোগ কৰিছে ৷