ক’ভিড ভেকচিন চাৰ্টিফিকেটৰ পাছত এইবাৰ হয়তো পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰাও আতৰিব মোডীৰ ফটো। ইতিমধ্যে এই ফটো আতৰাবলৈ নিৰ্দেশ প্ৰদান কৰিছে বম্বে হাইকৰ্টে। অৱশ্যে, এই নিৰ্দেশৰ পৰা ৰেহাই পাবলৈ আদালতত আবেদন জনাইছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ অবৰ সচিব প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱে।
এখন শপতনামাত তেওঁ উল্লেখ কৰিছে যে, পি এম কেয়াৰ্ছ ফাণ্ড আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধি দুয়োটা সংস্থাৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজে। তেওঁৰ ভাৱমূৰ্তি আগত ৰাখিয়েই দুয়োটা সংস্থাৰ কাম-কাজ চলাই থকা হৈছে।
উল্লেখ্য, বিভিন্ন মহলে মোডীৰ নাম, ফটোৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন আৰু ত্ৰিৰংগা ব্যৱহাৰ হব লাগে বুলি যুক্তি দি ন্যায়ালয়ৰ কাষ চাপিছিল।